গুৱাহাটী, ২৩ ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি)ত চীনা সেনাৰ সৈতে সংঘাতৰ মাজতে নতুন ক্ষেপণাস্ত্র হাতলৈ আহিছে ভাৰতীয় সেনাৰ। চলিত সপ্তাহত প্ৰতিৰক্ষা মন্ত্রণালয়ৰ উচ্চ পৰ্যায়ৰ বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি এক সূত্ৰই সদৰী কৰিছে। ‘প্রলয়' নামৰ কম দূৰত্বভেদী পৃষ্ঠৰ পৰা পৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্রবিধ সীমান্তৱৰ্তী দুর্গম প্রাকৃতিক অঞ্চলত ভাৰতীয় সেনাৰ বাবে কাৰ্যকৰী অস্ত্ৰ হৈ পৰিব বুলি প্ৰতিৰক্ষা মন্ত্রণালয়ৰ এক সূত্ৰই কৰিছে। গতিকে শীঘ্ৰে এই অস্ত্ৰ ভাৰতীয় সেনাৰ হাতত তুলি দিয়া হ'ব।
যোৱা বছৰ ওড়িশাৰ উপকূল অঞ্চলত প্ৰলয়ৰ চূড়ান্ত পৰীক্ষা সম্পন্ন কৰা হৈছিল। ২০০ পৰা ৫০০ কিলোমিটাৰ দূৰত্বভেদী প্রলয় ক্ষেপণাস্ত্ৰ ভাৰতীয় প্ৰতিৰক্ষা বিজ্ঞানীসকলে নিজাববীয়াকৈ প্ৰস্তুত কৰিছে। দুর্গম অঞ্চলত চীনৰ বাবে এই প্রলয়ে সৃষ্টি কৰিব তীব্র প্রত্যাহ্বান। সীমান্তত ভাৰতীয় সেনাৰ শক্তি ক্ৰমাৎ বৃদ্ধি পাইছে।
Comments