গুৱাহাটী,২৩ ডিচেম্বৰ : বৃহত্তৰ বজালীৰ সাংস্কৃতিক, সামাজিক অনুষ্ঠান নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ২৪ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ নাটমণ্ডল পাঠশালাৰ ব্ৰজনাথ শর্মা প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰ লগতে অন্দিম ন্যাসৰ উদ্যোগত আৰু সঁফুৰা- নাটমণ্ডলৰ সহযোগত সদৌ অসম ভিত্তিত অন্দিম কৌশিক সোঁৱৰণী শিশু-চেমনীয়া নাট। নাটমণ্ডল পাঠশালাৰ মুখ্য উদ্যোক্তা নিতুল কুমাৰ মেধিয়ে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ ২৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা পোহৰ নাট্যদল, পাটাছাৰকুছিয়ে মঞ্চস্থ কৰিব পথ, মঞ্চপ্রদীপ, বেটকুছি, গুৱাহাটীয়ে মঞ্চস্থ কৰিব বাটি খালে আটি যায়, ডি শর্মা কালচাৰেল একাডেমি, লখৰা গুৱাহাটীয়ে মঞ্চস্থ কৰিব ভীম হৈ থাকিলে ডট্ ডট্ ডট্, গীদাল নাট্য গোষ্ঠী, চকিহালী বঙাইগাঁৱে মঞ্চস্থ কৰিব খেলোঁ কইনা-দৰাৰ লগতে আন দলেও নাট মঞ্চস্থ কৰিব।
২৬ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা মঞ্চস্থ হ'ব ফেৰেংগাদাও, লখৰা গুৱাহাটীৰ তৰা,আকাশ গোষ্ঠী, মাণিকপুৰ-বঙাইগাঁৱৰ চিলনীৰ জীয়েকৰ সাধু, শিল্পচৰা, নগাঁৱৰ সূৰ্যাস্তৰ গান, অন্দিম নাট্য বিদ্যালয়, তেজপুৰৰ লঠঙা গছৰ ছাঁ, সমন্বয় নাট্য বিদ্যালয়, নলবাৰীৰ তিনিআলি কেঁকুৰিৰ প্ৰেক্ষাপট। শিশু আৰু চেমনীয়া নাট প্ৰতিযোগিতাৰ উপৰি অনুষ্ঠিত হ'ব পূৰ্ণাংগ পৰ্যায়ৰ নাট। সেই অনুসৰি ২৪ ডিচেম্বৰৰ সন্ধিয়া ৫-৪৫ বজাত প্ৰথম দৰ্শনীত নিতুল কুমাৰ মেধিৰ ৰচনা আৰু পৰিচালনাত মঞ্চস্থ হ’ব অতিথিশালা। দ্বিতীয় দৰ্শনীত পাকিজা বেগমৰ নাটক পদ্মাপ্রিয়া। ২৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা অসমৰ মুঠ ১৪টা দলৰ মাজত শিশু নাট প্ৰতিযোগিতা, ২৬ ডিচেম্বৰৰ বিয়লি ৩ বজাৰ পৰা শিশুনাট প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাৰ পৰা মুকলি সভা, নাটমণ্ডল বঁটা প্রদান, অভিনন্দন গ্রন্থ উন্মোচন, নাট্যগল্প উন্মোচনৰ উপৰি মুনীন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী পূর্ণদৈৰ্ঘ্যৰ নাট পাণ্ডুলিপি প্রতিযোগিতাৰ বঁটা বিতৰণ। ২৭ ডিচেম্বৰৰ সন্ধিয়া ১ম দৰ্শনীৰ নাট বন্ধ বাকচৰ বিষাদ, দ্বিতীয় দৰ্শনীৰ নাট ইস্ ইস্ আস্ আস্। ২৮ ডিচেম্বৰৰ সন্ধিয়া প্রথম দৰ্শনীৰ পূৰ্ণদৈৰ্ঘ্যৰ শিশুনাট আঙুলি পোৰা অভিযান, দ্বিতীয় দৰ্শনীৰ নাট দেৱান গাজিৰ কিচ্ছা।
Comments