Cartoon
View Older
গুৱাহাটী,২৩ ডিচেম্বৰ: অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা সদনত উত্থাপন হয় ৰাজ্যৰ চৰ অঞ্চলৰ প্ৰসংগ ৷ সদনত নামনি অসমৰ বানপানীৰ বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দোষাৰোপ কৰে চৰ অঞ্চলৰ লোকসকলক ৷মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত যুক্তি দি কয় যে, ‘‘নামনি অসমত বানপানী হোৱাৰ মূলতে হ’ল চৰ অঞ্চলৰ লোকসকল ৷ চৰ অঞ্চলৰ লোকসকলে ব্ৰহ্মপুত্ৰক ভেটা দি অহাৰ বাবেই বানপানী হয় ৷’’
আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উজনি অসমত চুৰি-ডকাইতিৰ ঘটনা চৰ অঞ্চলৰ লোকৰ বাবেই বৃদ্ধি পোৱা বুলি উল্লেখ কৰে ৷ ইফালে, পালছাৰ বাইক চুৰি হোৱাৰ মূলতে হৈছে ইয়াৰ ইঞ্জিন চৰ অঞ্চলৰ লোকে নাৱত ব্যৱহাৰ কৰে বুলিও সদনত তেওঁ উল্লেখ কৰে ৷
Comments