Cartoon
View Older
গুৱাহাটী,২৫ ডিচেম্বৰ:ৰাজ্যৰ ৮৮ খন মহাবিদ্যালয়লৈ ৰাজ্য চৰকাৰৰ জাননী।মহাবিদ্যালয়ত নতুন পদ সৃষ্টি সন্দৰ্ভত জাননী ৰাজ্য চৰকাৰৰ।মহাবিদ্যালয় সমূহক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ চমুকৈ ৰাষ্ট্ৰীয় নাকৰ স্বীকৃতি গ্ৰহণৰ বাবে আহ্বান চৰকাৰৰ।
নাকৰ স্বীকৃতি অবিহনে মহাবিদ্যালয়ৰ নতুন পদত অনুমতি প্ৰদান কৰা নহয় বুলি স্পষ্ট কৰি দিলে ৰাজ্য চৰকাৰে।উল্লেখ্য যে, ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অন্যান্য স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ মূল্যায়ন আৰু স্বীকৃতি প্ৰদান কৰি প্ৰতিষ্ঠানটোৰ ‘গুণগত মানদণ্ড’ নিৰ্ধাৰণ কৰে।
Comments