গুৱাহাটী,২৫ ডিচেম্বৰ:গোলাঘাট জিলাৰ বাদুলি পাৰৰ সমীপৱৰ্তী ভোলাগুৰি ক্ৰীড়া সন্থাৰ ৭০ বছৰীয়া জয়ন্তী অনুষ্ঠানটি ২০২৩ বৰ্ষত উদযাপনৰ প্ৰস্তুতি চলাইছে। উল্লেখ্য যে ১৯৫৩ চনতে প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটিয়ে ২০২৩ চনত গৌৰৱেৰে ৭০ টা বৰ্ষ সম্পূৰ্ণ কৰিব। ইতিমধ্যে যতীন্দ্ৰ কুমাৰ গগৈক সভাপতি আৰু ডোৰেন্দ্ৰ কুমাৰ বৰুৱাক সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতিয়ে বছৰজোৰা কাৰ্যক্ৰমৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ৫ জানুৱাৰীত সদৌ অসম ভোলাগুৰি মাৰাথন শীৰ্ষক কাৰ্যসূচীৰে বছৰজোৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছে।
১৪ বছৰ বয়সলৈকে ল'ৰা আৰু ছোৱালীৰ ৭ কিল'মিটাৰ স্বপ্নৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত প্রথম তিনিটা স্থান প্রাপকক ক্রমে নগদ তিনি হাজাৰ, দুইহাজাৰ আৰু একহাজাৰ টকাৰ মাননি আগবঢ়োৱা হ'ব। অন্যহাতে ১৫ বছৰ ঊৰ্ধ্বৰ পুৰুষৰ মাজত অনুষ্ঠিত হ'ব ২১ কিল'মিটাৰ মাৰাথন দৌৰ প্রতিযোগিতা। এই শাখাৰ প্ৰথম তিনিগৰাকীলৈ আগবঢ়োৱা হ'ব ক্রমে নগদ সাত হাজাৰ, পাঁচ হাজাৰ আৰু তিনি হাজাৰ টকাৰ মাননি। অন্যহাতে উক্ত দিনা স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ'ব এথেলেটিক প্ৰতিযোগিতা। মাৰাথান দৌৰ প্ৰতিযোগিতাৰ বাবে তিনি জানুৱাৰীৰ ভিতৰত ৮০১১৯৪৪৯১৯ হোৱাটছএপ নম্বৰত নামসমূহ পঞ্জীয়ন কৰিব লাগিব বুলি প্ৰচাৰ বিভাগৰ সভাপতি আৰু সম্পাদক ক্ৰমে নবীন গোহাঁই আৰু পাৰ্থ প্ৰতিম বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা জানিবলৈ দিছে।
Comments