গুৱাহাটী,২৫ ডিচেম্বৰ: আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সতীৰ্থ সন্মিলন আয়োজনৰ এখন প্ৰস্ততি সভা সম্পন্ন হয় । উক্ত সভাখনত বিভাগটোৰ কেইবাগৰাকীও প্ৰাক্তন শিক্ষাৰ্থী উপস্থিত থাকে আৰু কিছুসংখ্যক প্ৰাক্তন শিক্ষাৰ্থীয়ে অনলাইনযোগে যোগদান কৰে । বিভাগীয় মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামীয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰি পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগত বিতংভাৱে আলোচনা কৰে ।
অধ্যাপক গোস্বামীয়ে গুগল ফৰ্মৰ জৰিয়তে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ এখন তালিকা প্ৰস্ত্তত কৰাৰ বাবে দিহা-পৰামৰ্শ আগবঢ়ায় । প্ৰাক্তন সতীৰ্থ সন্মিলনৰ লগত সংগতি ৰাখি বিভিন্ন শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠান পৰিকল্পনাৰ কথাও তেখেতে সদৰি কৰে । মুৰব্বী অধ্যাপক গোস্বামীয়ে ১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা বিভাগটোৰ সকলো প্ৰাক্তন শিক্ষাৰ্থীকে তেখেতৰ (9854072096) লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় আৰু পৰৱৰ্তী সময়ত সকলোৰে সহায়-সহযোগিতা কামনা কৰে ।
Comments