Cartoon
View Older
গুৱাহাটী,২৬ ডিচেম্বৰ: এজন ব্যক্তিৰ মৃত্যুৰ সৈতে জড়িত গোচৰত জেললৈ যোৱা কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধু গণৰাজ্য দিৱসত মুকলি হৈ আহিব পাৰিব । ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ কাৰাগাৰ বিভাগে মুকলি কৰি দিবলগীয়া ৫০ জনৰো অধিক কয়দীৰ মাজত সিদ্ধুৰ নাম সন্নিবিষ্ট কৰা হৈছে ৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ আৰু তাৰ পিছত ৰাজ্যৰ ৰাজ্যপালৰ ওচৰলৈ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰিব লাগিব ।
ভাৰত চৰকাৰৰ নীতি অনুসৰি গণৰাজ্য দিৱসত মুকলি হ’বলগীয়া কয়দীৰ প্ৰস্তাৱিত তালিকাত সিদ্ধুৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । সিদ্ধুৰ ভাল আচৰণৰ প্ৰতিবেদনো জেল বিভাগে দিছে । মে’ মাহৰ পৰা জেলত থকা সিদ্ধুৱে কেৰাণী হিচাপে কাম কৰি আছে ৷ কাৰাবাস কালত তেওঁ কোনো ছুটী লোৱা নাই তথা জেলত তেওঁৰ আচৰণ ভাল । মুখ্যমন্ত্ৰী ভগৱন্ত মনৰ সৈতেও সিদ্ধুৰ ভাল সম্পৰ্ক আছে ।
Comments