গুৱাহাটী,২৭ ডিচেম্বৰ:মঙলবাৰে সমগ্ৰ দেশজুৰি আয়োজন কৰা হয় ক’ভিডৰ মকড্ৰিল ৷ ক’ভিডৰ এই মকড্ৰিল হৈছে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ পূৰ্বে লোৱা কিছু সজাগতা ৷ ইতিমধ্যে ক’ভিডক লৈ দেশজুৰি জাৰি কৰা হৈছে ক’ভিডৰ সতৰ্কতা ৷আনকি ক’ভিডৰ মকড্ৰিলত দেশৰ প্ৰতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰই আহ্বান জনাইছে ৷ লগতে ৰাজ্যৰ প্ৰতিখন ক’ভিড চিকিৎসালয়ত অনুষ্ঠিত কৰা হ’ব এই মকড্ৰিল ৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই ৷
ক’ভিডৰ মকড্ৰিল অনুষ্ঠানৰ দিনাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘বৰ্তমানলৈকে ক’ভিডক লৈ কোনো ধৰণৰ প্ৰট’কল দিয়া হোৱা নাই ৷ কিন্তু ইতিপূৰ্বে এজনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ কিন্তু সকলোৱে সাৱধানতা অৱলম্বন কৰাতো অত্যন্ত জৰুৰী’’ ।
Comments