গুৱাহাটী,২৭ ডিচেম্বৰ:বৰপেটাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰেমাৰীত এগৰাকী কিশোৰীক এচিডেৰে আক্ৰমণ ঘটনা । দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা । প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই কিশোৰীগৰাকী এচিড আক্ৰমণৰ বলি হ'ব লগা হয় । অভিযুক্ত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
জানিব পৰা মতে গাদেশালীপাম গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক এচিড আক্ৰমণ কৰে এজন যুৱকে । দেওবাৰে নিশা মাজদিয়া হাইস্কুল খেলপথাৰত চলি আছিল এক সাংস্কৃতিক কাৰ্যসূচী । সেই কাৰ্যসূচী উপভোগ কৰি ঘৰলৈ উভতি অহাৰ সময়তে লম্পট যুৱকজনে গাদেশালীপাম গাঁৱৰ কিশোৰী গৰাকীক এচিড আক্ৰমণ কৰে ।
লগে লগে কিশোৰীগৰাকীৰ পৰিয়াল আৰু স্থানীয় কেইজনমান যুৱকে কিশোৰীগৰাকীক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ।কিশোৰীগৰাকীৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
জানিব পৰা মতে কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ আছে । ইফালে পৰিয়ালৰ লোকে অভিযোগ কৰা মতে কঠালভূৰি গাঁৱৰ মেহেৰ আলী এই ঘটনাত জড়িত আছে । প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই মেহেৰ আলীয়ে কিশোৰীগৰাকীক লক্ষ্য কৰি এচিড নিক্ষেপ কৰে বুলি অভিযোগ কৰিছে পৰিয়ালে ।
Comments