গুৱাহাটী,২৭ ডিচেম্বৰ:চলিত বৰ্ষত অসমত পূৰ্বৰ তুলনাত শীতৰ প্ৰকোপ যথেষ্ট কম পৰিলক্ষিত হৈছে।কিন্তু আজিৰ পৰা ৰাজ্যৰ সৰ্বত্ৰ প্ৰচণ্ড শীত নমাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই।আনহাতে, সমাগত পাঁচ দিনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বৰষুণ হ'ব আৰু এই বৰষুণে শীতৰ মাত্ৰা বৃদ্ধি কৰিব বুলিও বতৰ বিজ্ঞান কেন্দ্রই আশংকা প্রকাশ কৰিছে।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানী সুনীত দাসে প্রকাশ কৰে যে এইবাৰ পুহ মাহতো পূৰ্বৰ তুলনাত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ঠাণ্ডাৰ প্ৰকোপ বহুত কম। কিন্তু আগন্তুক পাঁচ দিনত দেশৰ এই প্ৰান্তত হ'বলগীয়া বৰষুণৰ ফলত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাবনা আছে।আনহাতে, চুবুৰীয়া অৰুণাচল প্ৰদেশত বৰষুণৰ মাত্ৰা বহু বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত এলার্ট জানি কৰা হৈছে।
ৰাজ্যখনৰ ওখ স্থানসমূহত বৰফ পৰাৰ মেঘালয় আৰু নগালেণ্ডৰ বিভিন্ন স্থানৰ উপৰি মিজোৰাম, মণিপুৰতো বৰষুণ হোৱাৰ সম্ভাবনা আছে। অসম, মেঘালয় আৰু নগালেণ্ডত ধুমুহা অহাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰে বতৰ বিজ্ঞানীয়ে। চুবুৰীয়া ৰাজ্যত হ'বলগীয়া বৰষুণৰ বাবেও অসমত শীতৰ প্ৰকোপ বৃদ্ধি পাব।
Comments