Cartoon
View Older
গুৱাহাটী,২৭ ডিচেম্বৰ:বৰপেটা জিলাৰ কলগাছিয়াত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই । সোমবাৰে প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে । বৰপেটা জিলা আমছুৰ অভিযোগ চৰকাৰে অমানৱীয়ভাৱে ভূমিহীন লোকক উচ্ছেদ কৰিছে । সোমবাৰে বাঘবৰত চলা উচ্ছেদ অভিযানৰ পাছতে ক্ষুব্ধ হৈ পৰিছে আমছু ।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে সংখ্যালঘু লোকৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে অমানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে । সেয়েহে এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনাই আমছু নেতা-কৰ্মীসকলে । ইফালে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় ।
Comments