Cartoon
View Older
গুৱাহাটী, ২৭ ডিচেম্বৰঃ ত্ৰিপুৰা চৰকাৰে ১ ডিচেম্বৰৰ পৰা ৰাজ্যখনৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডিএ অৰ্থাৎ মৰগীয়া ভাত্তা ১২ শতাংশ বৃদ্ধি ঘোষণা কৰিছে। এই সংশোধনৰ সৈতে, ২০১৮ চনত শাসনলৈ অহা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ঘোষণা কৰা মুঠ ভাত্তা ৮ শতাংশৰ পৰা বৃদ্ধি হৈ ২০ শতাংশ হৈছে।
এই বিষয় সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মানিক সাহাই টুইটযোগে কয় যে, "আজি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডিএ/ডিআৰত ১২ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও, ডি.আৰ.ডব্লিউ. এম.আৰ.ডব্লিউ. পি.টি.ডব্লিউ. আৰু কণ্টিজেণ্ট শ্ৰমিকসকলৰ পাৰিশ্ৰমিক ৫০ শতাংশতকৈ অধিক বৃদ্ধি ঘোষণা কৰা হৈছে। এই সিদ্ধান্তসমূহে প্ৰায় ১,৯৪,০০০ ব্যক্তি/পৰিয়ালক লাভান্বিত কৰিব আৰু সামগ্ৰিক উন্নয়নত ইতিবাচক প্ৰভাৱ পেলাব।"
Comments