Cartoon
View Older
গুৱাহাটী,২৮ ডিচেম্বৰ:কেন্দ্ৰীয় চৰকাৰৰ সৈতে নগা বিদ্ৰোহী সংগঠন জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্টৰ শান্তি চুক্তি স্বাক্ষৰ ৷ মঙলবাৰে দিল্লীত বিদ্ৰোহী সংগঠনটোৱে স্বাক্ষৰ কৰে শান্তি চুক্তিত ৷ দশক ধৰি বিশেষকৈ মণিপুৰত সংক্ৰিয় হৈ আছিল জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্ট চমুকৈ ZUF নামৰ নগা বিদ্ৰোহী সংগঠনটো ৷
এই সন্দৰ্ভত এক বিবৃত্তি যোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কয় যে, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘সন্ত্ৰাসবাদ মুক্ত উত্তৰ-পূব’ৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিক শ্বাহৰ নেতৃত্বত প্ৰায় এটা দশক ধৰি সক্ৰিয় হৈ থকা নগা বিদ্ৰোহী সংগঠন জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্টৰ সৈতে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে শান্তি চুক্তি সম্পন্ন কৰা হৈছে ৷
Comments