গুৱাহাটী, ২৮ ডিচেম্বৰঃদেশৰ ৩০ জন মুখ্যমন্ত্ৰীৰ অন্তিম নিৰ্বাচনী শপতনামাৰ বিশ্লেষণে চমকপ্ৰদ তথ্য প্ৰকাশ কৰিছে।নিৰ্বাচনী শপতনামাত দাখিল কৰা তথ্যৰ ভিত্তিত প্ৰকাশ পাইছে দেশৰ ৩০ জন মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা।অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তি আটাইতকৈ কম বুলি দ্য প্ৰিণ্টে প্ৰকাশ কৰিছে।
ইফালে, উত্তৰ-পূবৰ আঠজন মুখ্যমন্ত্ৰীৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুখীয়া।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুঠ সম্পত্তিৰ মূল্য মাত্ৰ ১.০৪ কোটি।১০০ কোটি টকাৰ অধিক সম্পত্তি থকা ভাৰতৰ একমাত্ৰ মুখ্যমন্ত্ৰী হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু।তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ১৩২ কোটি টকা।
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ তিনিগৰাকী পত্নী আছে।তেওঁৰ তিনিওগৰাকী পত্নী চৰকাৰী কৰ্মচাৰী।ইফালে উত্তৰ পূবৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ হাতত আছে অস্ত্ৰ।মুখ্যমন্ত্ৰী দুগৰাকী হৈছে ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং।
ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাঙৰ হাতত আছে ৩ লাখ টকাৰ ৰিভলভাৰ আৰু বীৰেন সিঙৰ আছে ১.৭৫ লাখ টকাৰ এটা পিষ্টল।
Comments