Cartoon
View Older
গুৱাহাটী,২৮ ডিচেম্বৰ:বুধবাৰে অন্ত পৰিল মেঘালয়ৰ উমৰয়ত অনুষ্ঠিত হৈ থকা ভাৰতীয় সেনা আৰু কাজাখস্তানী সেনাৰ মাজত হোৱা বাৰ্ষিক অনুশীলন । দুয়োখন দেশৰ সেনাৰ মাজত হোৱা এই যুটীয়া অনুশীলন উমৰয়ৰ Foreign Training Node ত অনুষ্ঠিত হৈছিল ।
১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা দুয়োখন দেশৰ সেনাৰ এই অনুশীলন সফলতাৰে সামৰণি পৰে বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ্টেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ৰাৱাতে ।
ভাৰতীয় সেনাৰ দলটোৱে ষষ্ঠ বেটেলিয়নৰ পৰা ১১ তম গোৰ্খা ৰাইফলছৰ কোম্পানীৰ সৈতে অংশগ্ৰহণ কৰিছিল এই প্ৰশিক্ষনত । একেদৰে কাজাখস্তানী সেনাৰ দলেও অংশগ্ৰহণ কৰিছিল এই প্ৰশিক্ষণত ।
দুয়োটা দলে জংগল এণ্ড ছেমি আৰ্বান তথা আৰ্বান টেৰেইনত যৌথ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ এক কাৰ্যসূচীত নিজৰ কৌশলগত আৰু কাৰিকৰী দক্ষতাক নিখুঁতভাৱে প্ৰদৰ্শন কৰিছিল ।
Comments