Cartoon
View Older
গুৱাহাটী,২৯ ডিচেম্বৰ:অৱশেষত মৃত্যু মুখত পৰিল যোৰহাটৰ চটাইত আতংক সৃষ্টি কৰা নাহৰফুটুকীটো ৷ সোমবাৰে টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত ওলাইছিল এটা নাহৰফুটুকী ৷ এই নাহৰফুটুকীটোৰ আক্ৰমণত বনকৰ্মীসহ কেবাগৰাকীও স্থানীয় লোক আহত হৈছিল ৷
পৰৱৰ্তী সময়ত ট্ৰেংকুলাইজ কৰা হৈছিল নাহৰফুটুকীটোক ৷ মঙলবাৰে ট্ৰেংকুলাইজ কৰা এই নাহৰফুটুৰীটোৰ বৃহস্পতিবাৰে পুৱা প্ৰায় 4:45 বজাত কাজিৰঙাৰ CWRC ত মৃত্যু হয় ৷
Comments