গুৱাহাটী,২৯ ডিচেম্বৰ:অসম লোকসেৱা আয়োগ চমুকৈ APSC ৰ ২০১৪ বৰ্ষৰ পৰীক্ষা কেলেংকাৰীৰ ভয়ংকৰ তথ্য উন্মোচন হৈছে । এই সন্দৰ্ভত দুগৰাকী ৰাজপত্ৰিত বিষয়ালৈ জাননী জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে । জানিব পৰা মতে, ডি এছ পি ভনীতা নাথ, আৱকাৰী অধীক্ষক মানৱী দাসলৈ জাননী প্ৰেৰণ কৰা হৈছে । দুয়োগৰাকীৰ বিৰুদ্ধে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে ।
আগন্তুক ১৫ দিনৰ ভিতৰত আয়োগৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াক । আয়োগত তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ উত্তৰ দিব লাগিব ।উল্লেখ্য যে, অসম লোক সেৱা আয়োগত হোৱা পৰীক্ষা কেলেংকাৰীত জড়িত সেই সময়ৰ আয়োগৰ সহৰাকী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তই জেৰাৰ সময়ত ২০১৪ বৰ্ষৰ পৰীক্ষাত হোৱা কেলেংকাৰীৰ বহু তথ্য সদৰী কৰিছিল ।
সেই তথ্যৰ ভিত্তিতেই ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে দুয়োগৰাকী ৰাজপত্ৰিত বিষয়ালৈ জাননী প্ৰেৰণ কৰি ১৫ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে । লগতে আৰু বহুকেইগৰাকী বিষয়া আয়োগৰ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে ।লক্ষণীয় বিষয় যে, তদন্ত প্ৰক্ৰিয়া যিমানে আগুৱাই গৈছে সিমানেই অসম লোক সেৱা আয়োগত হোৱা কেলেংকাৰীৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে । ৰাকেশ পালৰ কাৰ্যকালৰ সময়ত ২০১৪ চনত সংঘটিত হোৱা ৰাজপত্ৰিত বিষয়া নিযুক্তিৰ কেলেংকাৰীৰ তদন্তৰ বাবে গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে ইতিমধ্যে কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছিল ।
Comments