নলবাৰী,২৯ ডিচেম্বৰ: নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থা নান্তৰ সম্পৰ্কত আজি নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰে একৈশটাকৈ দল-সংগঠনে আলোচনাত মিলিত হয়।সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নলবাৰী জিলা সাংবাদিক সন্থা,নলবাৰী জিলা প্ৰেছ ক্লাব,সচেতন নাগৰিক সমাজকে ধৰি একৈশটাকৈ সংগঠনৰে জিলা উপায়ুক্তৰ উপস্থিতিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰে সম্পন্ন হয় আলোচনা।
আলোচনা কালত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন উঠি নাযায় বুলি ঘোষণা কৰি চিকিৎসালয়খন চিটি চেন্টাৰ হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে।আনহাতে তেওঁ বৰ্তমানৰ চিভিল হস্পিতালখন পঞ্চাশখন বিছনাযুক্ত কৰা হ'ব বুলি মন্তব্য কৰি টাটাৰ উদ্যোগত একে চৌহদত কেঞ্চাৰ হস্পিতাল স্থাপন কৰা হ'ব বুলি জনায়।
আনহাতে চিকিৎসালয়খনৰ পৰা মাতৃ আৰু শিশু বিভাগৰ লগতে প্ৰশাসনিক দিশটো নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্ন কৰাটো নিয়মৰ ভিতৰত পৰে বুলি মন্তব্য কৰে।ইফালে আলোচনা কালত দল-সংগঠনসমূহে নিজৰ স্থিতিত অটল থাকে।দল-সংগঠনৰ প্ৰতিনিধি সকলে নলবাৰী চিকিৎসা মহাবিদ্যালয়ক আদৰণি জনাই নলবাৰী চিভিল হস্পিতালখন পূৰ্বতকৈ অধিক উন্নত কৰা,ৰোগীৰ বাবে পৰ্য্যাপ্ত সুবিধাৰ ব্যৱস্থা কৰা,দুশখন বিছনাযুক্ত ব্যৱস্থাকে বাহাল ৰখা আদি বিভিন্ন দাবীৰ সমৰ্থনত অটল থাকে।
প্ৰায় তিনিঘন্টা ধৰি চলা বৈঠকখনৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আলোচনা সৌহাৰ্দ্যপূৰ্ণ বুলি মন্তব্য কৰাৰ বিপৰীতে দল-সংগঠনৰ প্ৰতিনিধি সকলে নিজৰ স্থিতিত অটল থকা বুলি দোহাৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক তেওঁলোকৰ দাবী সন্দৰ্ভত অৱগত কৰাবলৈ আহ্বান জনায়।
Comments