Cartoon
View Older
গুৱাহাটী, ৩০ ডিচেম্বৰঃ ছাৰ্বিয়া চৰকাৰে ভাৰতীয়সকলৰ বাবে ভিছা-মুক্ত প্ৰৱেশ সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ১ জানুৱাৰী, ২০২৩ ৰ পৰা, ভাৰতীয় পাছপোৰ্ট ধাৰকসকলে বৈধ ভিছা অবিহনে ছাৰ্বিয়া ভ্ৰমণ কৰাৰ সুবিধা নাথাকিব। অবৈধ প্ৰব্ৰজন নিয়ন্ত্ৰণ কৰিবলৈ আৰু ইউৰোপীয় ভিছা নীতিৰ প্ৰয়োজনীয়তা পালন কৰিবলৈ দেশখনে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।চৰকাৰে এই বিষয় সন্দৰ্ভত বিবৃতিযোগে কয় যে, "ছাৰ্বিয়াত ৩০ দিনলৈকে থকাৰ বাবে সকলো ভাৰতীয় পাছপোৰ্ট ধাৰকৰ বাবে দেশত ভিছা-মুক্ত প্ৰৱেশৰ বিদ্যমান ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছে।"
ইয়াৰ পূৰ্বে, কূটনৈতিক আৰু চৰকাৰী ভাৰতীয় পাছপোৰ্ট ধাৰকসকলক ৯০ দিনৰ বাবে ভিছা অবিহনে দেশখনত ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছিল, আনহাতে সাধাৰণ পাছপোৰ্ট ধাৰকসকলৰ বাবে এই ম্যাদ আছিল ৩০ দিন।
Comments