Cartoon
View Older
গুৱাহাটী,৩০ ডিচেম্বৰ:বৌদ্ধ গুৰু দালাই লামাক অনুসৰণ কৰিবলৈ আহি বিহাৰত গ্ৰেপ্তাৰ হ’ল চীনা মহিলা চোৰাংচোৱা ৷ সম্প্ৰতি মহিলাগৰাকীৰ গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে বিহাৰৰ বোধগয়া আৰক্ষীয়ে ৷ শেহতীয়াকৈ তাৎপৰ্যপূৰ্ণ ভাৱে চীনৰ লক্ষ্য হৈ পৰিছে তিব্বতৰ বৌদ্ধ গুৰু দালাই লামা ৷
উল্লেখ্য যে, বৰ্তমান বিহাৰৰ বোধগয়া ভ্ৰমণত আছে দালাই লামা ৷ এই ভ্ৰমণ কালচোৱাতে চোৰাংচোৱা সংস্থাই খবৰ লাভ কৰিছিল যে দালাই লামাক হত্যাৰ বাবে ভাৰতত প্ৰৱেশ কৰিছে এগৰাকী চীনা চোৰাংচোৱা মহিলা ৷ এই খবৰ লাভ কৰাৰ পিছতে অধিক সতৰ্ক হৈ পৰিছিল বিহাৰ আৰক্ষী আৰু মহিলাগৰাকীৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান ৷ সামাজিক মাধ্যমতো বিহাৰ আৰক্ষীয়ে সদৰী কৰিছিল এই কথা ৷ লগতে চীনা চোৰাংচোৱা মহিলাগৰাকী বিহাৰৰ বোধগয়াত অৱস্থান কৰি থকাৰো খবৰ লাভ কৰিছিল চোৰাংচোৱা সংস্থাই ৷
Comments