গুৱাহাটী,৩০ ডিচেম্বৰ:লখিমপুৰ জিলাৰ সোৱণশিৰী মহাবিদ্যালয়ৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়বোৰৰ মাজত আন্তঃমহাবিদ্যালয় ভলীবল প্রতিযোগিতা। সোৱণশিৰী মহাবিদ্যালয়ৰ খেলপথাৰত ল'ৰা-ছোৱালীৰ দুটা শাখাত আয়োজিত এই ভলীবল প্রতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৪০ খনৰো অধিক মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে বুলি আয়োজক সমিতিৰ সভাপতি, সম্পাদকে জনাইছে।
আজি এই আন্তঃমহাবিদ্যালয় ভলীবল প্রতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভূঞাই। তদুপৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে-ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পর্যবেক্ষক-বিমল গগৈ, সোৱণশিৰী কলেজৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক ধনমণি দত্ত, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ, আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি টিকাৰাম শৰ্মা, সম্পাদক হোমেন চুতীয়া আৰু দুষ্মন্ত কুম্বাওকে আদি কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্র-ছাত্রীসকলেও অংশগ্রহণ কৰে।
Comments