গুৱাহাটী,১ জানুৱাৰী:অসমৰ চাৰিখন জিলাৰ বিলুপ্তিকৰণৰ বাবে দিল্লীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰক্ৰিয়া ৷ বিশেষকৈ ৪ খন জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বিভিন্ন দল-সংগঠনে কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ৰাজ্যিক কেবিনেটৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । উল্লেখ যে আজি দিল্লীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্যৰ পৰা ৪ খন জিলা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি ৩৫ খন জিলাৰ ভিতৰত নতুন বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ জিলাক বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিশ্বনাথ জিলাক শোণিতপুৰ জিলাৰ সৈতে, হোজাই জিলাক নগাওঁ জিলাৰ সৈতে, বজালী জিলাক বৰপেটাৰ সৈতে আৰু তামুলপুৰ জিলাক বাক্সা জিলাৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।ৰাজ্যৰ ভৱিষ্যতৰ স্বাৰ্থত সাময়িক ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সংবাদমেল যোগে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘এই সিদ্ধান্তৰে জিলাকেইখনৰ জনসাধাৰণক প্ৰতাৰণা কৰিছে অসমৰ বিজেপি চৰকাৰে ৷ কিয়নো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত উক্ত জিলাকেইখনৰ উন্নয়নৰ নানান আশ্বাস দি আহিছে । বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচন আৰু বি টি এ ডিৰ নিৰ্বাচনৰ সময়ত তামুলপুৰ জিলা ঘোষণা আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ বাবে সেই অঞ্চলৰ ৰাইজৰ ভোট লৈছিল বিজেপিয়ে ।’’ লগতে তেওঁ কয়, ‘‘সমানুপাতিক উন্নয়নৰ ক্ষেত্ৰত জিলাৰ আকাৰ সদায় সৰু হ'ব লাগে বুলি 'নিটি' আয়োগকে ধৰি বিভিন্ন চৰকাৰী সংস্থাই কৈ আহিছে । অলপতে প্ৰকাশিত সামাজিক প্ৰগতি সূচকাংক (এছ পি আই) প্ৰতিবেদনতো সৰু জিলাসমূহত উন্নয়নৰ গতি ডাঙৰ জিলাসমূহৰ তুলনাত ভাল বুলি উল্লেখ কৰা হৈছে । কিন্তু ৰাজ্য চৰকাৰে সৰু জিলাৰ বিলুপ্তি সাধন কৰি বৃহৎ জিলা গঠন কৰাৰ ফলত উক্ত জিলাকেইখনৰ উন্নয়নত নেতিবাচক প্ৰভাৱ পৰিব ।’’ জিলা বিলুপ্তিকৰণৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অসম চৰাকাৰক দাবী জনায় অসম জাতীয় পৰিষদে ।
Comments