Cartoon
View Older
গুৱাহাটী,৩ জানুৱাৰী:প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অৰুণাচল প্ৰদেশত ছিয়ম দলঙকে ধৰি সীমান্ত পথ সংগঠনে নির্মাণকার্য সম্পূৰ্ণ কৰা ২৮ টা আন্তঃগাঁথনিমূলক প্রকল্প উদ্বোধন কৰে৷ মুঠ ৭২৪ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হোৱা এই প্রকল্পসমূহে দেশৰ সীমান্ত, বিশেষকৈ লাডাখৰ পৰা অৰুণাচললৈ চীনৰ সৈতে থকা সীমান্তৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিব।
আলং-ইংকিয়ং পথৰ ছিয়ম দলঙে প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰৰ চিয়াং জিলা, টুটিং আৰু ইংকিয়ং অঞ্চললৈ সেনাৰ বাহন আৰু অস্ত্ৰ-শস্ত্ৰ সৰবৰাহত সহায় কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি ছিয়ম দলঙৰ পৰাই অৰুণাচল প্রদেশ, ছিক্কিম, জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু ৰাজস্থানৰ ২১ খন দলঙৰ লগতে তিনিটা পথ আৰু আন তিনিটা আন্তঃগাঁথনি প্রকল্পও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
Comments