গুৱাহাটী,৩ জানুৱাৰী:যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে প্রাকৃতিক কৃষিৰ ক্ষেত্ৰত তথা উত্তৰ পূৱৰ সামগ্রিক কৃষি ব্যৱস্থাৰ উত্তৰণৰ বাবে এক কোটি টকা ব্যয়সাপেক্ষ অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৪ বা ৫ টা বিশেষ গোটত প্ৰত্যেকতে ২০, ২৫ লাখ টকাকৈ পুঁজি ব্যয় হ'ব। ইয়াৰ জৰিয়তে বহুমুখী উন্নয়ন সাধন কৰিব পৰা সম্পদ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। তদুপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰু মানাংকন পৰীক্ষাৰ বাবে ৰাষ্ট্রীয় স্বীকৃতি বোৰ্ডৰ অনুমোদিত ৪ টা পৰীক্ষাগাৰ স্থাপনৰ বাবে সিদ্ধান্ত লোৱা হৈছে। সম্পূৰ্ণ অত্যাধুনিক এই পৰীক্ষাগাৰৰ জৰিয়তে শেহতীয়া প্ৰযুক্তিগত সকলো পৰিক্ষণৰ ক্ষেত্ৰত শিক্ষাৰ্থী আৰু গৱেষক বিজ্ঞানীসকল উপকৃত হব।
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড° বিদ্যুত চন্দ্ৰ ডেকাই কালি এই পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাজ্যৰ বিভিন্ন স্থানত থকা ৪৩ টা কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ গোটৰ আন্তঃগাঠনি উন্নয়নৰে শেহতীয়া অত্যাধুনিক ব্যৱস্থালৈ উত্তৰণ গঠোৱা হ’ব। তদুপৰি চলিত বছৰৰ ফেব্ৰুৱাৰীৰ পৰা ৫৪ টা ভিন্ন পুথি পাঠ্যক্ৰমৰে বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাক আৰম্ভ কৰা হ'ব বুলি তেওঁ কয়। বিশ্ববিদ্যালয়ে নিজৰ আয় বৃদ্ধিৰ বাবে সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ জৰিয়তে মান সম্পন্ন খাদ্য সামগ্রী উৎপাদন কৰি দিনটোৰ ২৪ ঘণ্টাই খোলা ৰখা বিপনীৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযূষ হাজৰিকাই কালি গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্র পৰিদৰ্শন কৰি কেন্দ্ৰকেইটাত থকা সা-সুবিধাবোৰৰ বিষয়ে বুজ লয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্ত্বাধিকাৰী আৰু পৰিচালকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ নিচামুক্তি কেন্দ্ৰসমূহ সুচাৰুৰূপে পৰিচালনা তথা কেন্দ্ৰসমূহত থকা আৱাসীসকলে উন্নত মানৰ সুবিধা লাভ কৰাতো নিশ্চিত কৰিছিল।
সেই উদ্দেশ্যে বিভাগীয়ভাৱে কেতবোৰ নীতি-নিৰ্দেশনাও প্ৰস্তুত কৰিছিল। পৰিদৰ্শনৰ পাছত মন্ত্ৰীগৰাকীয়ে কয় যে নিচামুক্তি কেন্দ্ৰসমূহৰ সামগ্রিক বাতাবৰণ ক্ৰমাগতভাৱে উন্নত হোৱা পৰিলক্ষিত হৈছে। তেওঁ লগতে কেন্দ্ৰসমূহত বৰ্তমানে ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰিবলৈ স্বত্ত্বাধিকাৰী তথা পৰিচালকসকলক নির্দেশ দিয়ে। এই পৰিদৰ্শনকালত সামাজিক ন্যায় তথা সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোঁহাইৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত আছিল।
Comments