Cartoon
View Older
গুৱাহাটী,৩ জানুৱাৰী:ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ ইন্দোৰত ৮ৰ পৰা ১০ জানুৱাৰীলৈ আয়োজিত প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনৰ সময়ত ২৭ গৰাকী লোকক প্ৰৱাসী ভাৰতীয় সন্মান বঁটাৰে বিভূষিত কৰিব।
এই বঁটা প্ৰাপকসকলৰ ভিতৰত গুয়েনাৰ ৰাষ্ট্ৰপতি ড° মহম্মদ ইফান আলী আছে। বিদেশ মন্ত্ৰালয়ে কৈছে যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনৰ এইবাৰৰ সপ্তদশ সংস্কৰণৰ সামৰণি অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব। প্ৰৱাসী ভাৰতীয় সন্মান বঁটা হ'ল - প্ৰৱাসী ভাৰতীয়সকলক প্ৰদান কৰা সৰ্বোচ্চ সন্মান।
Comments