Cartoon
View Older
গুৱাহাটী,২ জানুৱাৰী:প্ৰথমবাৰৰ বাবে এছিয়াৰ সৰ্ববৃহৎ ফিল্ম চিটি ৰামোজী ফিল্ম চিটিত অসমীয়া ছবিৰ দৃশ্যগ্ৰহণ ৷ যতীন বৰাৰ আহিবলগীয়া ছবি ৰাঘৱৰ দৃশ্যগ্ৰহণ সম্পন্ন হ’ল হায়দৰাবাদস্থিত ফিল্ম চিটিখনত ৷ অভিনেতা যতীন বৰা, প্ৰযোজিকা নৱনীতা শৰ্মাসহ এটা ১৬ জনীয়া দল উপস্থিত হয় ফিল্মচিটিখনত ৷
ৰামোজী ফিল্ম চিটিত দুদিনীয়া দৃশ্যগ্ৰহণ সম্পন্ন কৰে টীম ৰাঘৱে ৷ ফিল্ম চিটিখনতেই নাটকীয় অংশৰ অন্তিম দৃশ্যগ্ৰহণ সম্পন্ন হয় ৷ পৰৱৰ্তী সময়ত এটা গীতৰ দৃশ্যগ্ৰহণ কাশ্মীৰত সম্পন্ন হোৱাৰ পাছতেই সম্পূৰ্ণ হ’ব ৰাঘৱ ছবিৰ দৃশ্যগ্ৰহণ ৷ অহা অক্টোবৰত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে প্ৰযোজকে ৷
Comments