Cartoon
View Older
গুৱাহাটী, ৩ জানুৱাৰীঃ নৱবৰ্ষ উদযাপনৰ সময়ত ফটকা ফুটোৱাৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উলংঘা কৰাৰ বাবে মিজোৰামত ২৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে, আইজল পৌৰ নিগমৰ (এএমচি) ভিতৰত ২৬ টা গোচৰ ৰুজু কৰা হৈছে।
আইজলৰ এছ পি চি লালৰুয়াই উক্ত ঘটনা বিষয় সন্দৰ্ভত কৈছে যে, "আইজল, কুলিকাৱন, বাৱংকাৱন আৰু ভাইভাকৱন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত আতচবাজী, ফটকা ফুটোৱা আৰু বিক্ৰী কৰাৰ বাবে ১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।"
তেওঁ আৰু কৈছে যে, "আইজলৰ জিলা দণ্ডাধীশে এই সন্দৰ্ভত ১৫ টা গোচৰ ৰুজু কৰিছে। নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত আতচবাজী ফুটোৱাৰ বাবে তিনিখন আৰক্ষী থানাত ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১১ টা গোচৰ ৰুজু কৰা হৈছে।
Comments