চিয়াং [অৰুণাচল], ৩ জানুৱাৰী ঃ ‘আমি যুদ্ধত বিশ্বাস নকৰোঁ, কিন্তু যদি যুদ্ধৰ বাবে আমাক বাধ্য কৰে আমি যুদ্ধ কৰিম৷ আমি নিশ্চিত কৰিছোঁ যে দেশ সকলো ভাবুকিৰ পৰা সুৰক্ষিত৷ আমাৰ সশস্ত্ৰ বাহিনী সাজু৷’ যোৱা ডিচেম্বৰত টাৱাং অঞ্চলত ভাৰতীয় আৰু চীনা সেনাৰ সংঘাতৰ পাছত অৰুণাচল প্ৰদেশলৈ প্ৰথম অহা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এইদৰে চীনক সতৰ্ক কৰি দিয়ে৷
তেওঁ আৰু কয়, ‘বিশ্বই বৰ্তমান বহু সংঘাত দেখিছে৷ ভাৰত সদায় যুদ্ধৰ বিৰোধী৷ এয়া আমাৰ নীতি৷’ অৰুণাচলৰ চিয়াং জিলাত চিয়ম দলং তথা সীমান্ত পথ সংগঠনৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত সিঙে আৰু কয় যে আন্তঃগাঁথনিৰ উন্নয়নে সীমান্ত অঞ্চলৰ জনসাধাৰণৰ জীৱন সলনি কৰে আৰু ই হৈছে অঞ্চলটোৰ বাবে সাম্প্ৰতিক অৱস্থাৰ পৰিৱৰ্তনকাৰী [গে’ম চেঞ্জাৰ]৷
তেওঁ আৰু কয়, ‘ভৈয়ামত চৰকাৰে স্মাৰ্ট ৰ’ড নিৰ্মাণ কৰি আছে, কিন্তু বহু সীমান্ত অঞ্চলত পথৰ অভাৱ৷ বহু অঞ্চলত বুনিয়াদী পথৰ সুবিধাই নাই৷ তেনে আওহতীয়া অঞ্চলত চৰকাৰে বিদ্যুৎ, দূৰসংযোগ, শিক্ষা আৰু স্বাস্থ্যৰ দৰে বুনিয়াদী সুবিধাৰ সৈতে বিভিন্ন কল্যাণ আঁচনি আৰম্ভ কৰিছে৷
অৰুণাচলৰ চিয়াং জিলাত চিয়ম দলং উদ্বোধনী অনুষ্ঠানত সিঙে এইদৰে কয়৷ তেওঁ আৰু কয় যে পূব এছিয়াৰ দুৱাৰডলি হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত চৰকাৰে অগ্ৰাধিকাৰ দিছে৷ কেৱল সমগ্ৰ দেশৰ উন্নয়নৰ বাবেই উত্তৰ-পূৰ্বাঞ্চল গুৰুত্বপূৰ্ণ নহয়; বাণিজ্য, ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰত পূব এছিয়াৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰতো উত্তৰ-পূৰ্বাঞ্চলে সম্পৰ্ক শক্তিশালী কৰিছে৷
প্ৰতিৰক্ষা মন্ত্ৰীজনে সীমান্ত পথ সংগঠন [BRO] সম্পৰ্কে কয় ‘ মই BRO [সীমান্ত পথ সংগঠন]-ৰ অৰ্থ ‘Bro’ [ভাতৃ] বুলি ভাবিছিলোঁ৷ কিন্তু তেওঁলোকে কৰা কাম দেখি গম পালোঁ তেওঁলোক সঁচাকৈ সশস্ত্ৰ বাহিনী আৰু জনসাধাৰণৰ ভাতৃ৷’ আজি এই আলং-য়িনকিয়ং পথৰ চিয়ম দলঙত আয়োজন কৰা এই অনুষ্ঠানতে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সীমান্ত পথ সংগঠনৰ ৭২৪ কোটি টকা ব্যয় সাপেক্ষ ২৮টা প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰে৷
এই প্ৰকল্পসমূহৰ ভিতৰত চিয়ং দলঙকে ধৰি উত্তৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন সীমান্ত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২২খন দলং, তিনিটা পথ আৰু তিনিটা অন্য প্ৰকল্প আছে৷ ইয়াৰ আঠটা প্ৰকল্প লাডাখৰ; পাঁচটা অৰুণাচল প্ৰদেশৰ; চাৰিটা জম্মু-কাশ্মীৰৰ; তিনিটাকৈ প্ৰকল্প ছিকিম, পঞ্জাব আৰু উত্তৰাখণ্ডৰ আৰু দুটা ৰাজস্থানৰ প্ৰকল্প আছে৷ ইয়াৰ উপৰি, লাডাখত দুটা আৰু মিজোৰামত এটা টেলিমেডিচিন কেন্দ্ৰও উদ্বোধন কৰে৷
Comments