গুৱাহাটী,১ নৱেম্বৰ:ভাৰতীয় মহিলা দলৰ তাৰকা অপেনাৰ স্মৃতি মান্ধানাক আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে। এই বঁটাৰ বাবে মনোনীত হোৱা একমাত্ৰ ভাৰতীয় খেলুৱৈ স্মৃতি। পুৰুষৰ শাখাত নিৰ্বাচিত হোৱা নাই টীম ইণ্ডিয়াৰ কোনো খেলুৱৈ। শীর্ষ সন্মানৰ বাবে ইংলেণ্ডৰ নেট স্কাই ভাৰ, নিউজিলেণ্ডৰ আমেলিয়া কেৰ আৰু অষ্ট্ৰেলিয়াৰ বেথ মুনীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব মান্ধানাই ।
উল্লেখ্য যে বিগত বৰ্ষতো মান্ধানাক বছৰৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল। মান্ধানাই একেৰাহে দ্বিতীয়বাৰৰ বাবে বছৰৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে মনোনীত হৈছে । ২০২১ চনতো মান্ধানাই এই বঁটা লাভ কৰিছিল। অন্যহাতে ভাৰতৰ সূর্যকুমাৰ যাদৱক বছৰৰ শ্ৰেষ্ঠ পুৰুষ টি-২০ ক্ৰিকেটাৰৰ বাবে শটলিষ্ট কৰা হৈছে আৰু আৰ্শদীপ সিঙক বছৰৰ শ্রেষ্ঠ উদীয়মান খেলুৱৈৰ বাবে শর্টলিষ্ট কৰা হৈছে।
Comments