গুৱাহাটী,১ জানুৱাৰী:বিগত কেইদিনত সমগ্ৰ ৰাজ্যজুৰি শীত প্ৰবাহৰ লগত নামি আহিছে ডাঠ কুঁৱলী। বিশেষকৈ বিগত কেইদিনত ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজপথত নিশাৰ ভাগত কেইবাটাও সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। য'ত ডাঠ কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে চালকে ৰাজপথত সন্মুখত কি আছে তাক মনিব নোৱৰাৰ বাবে বাহন দুৰ্ঘটনাত পতিত হৈ কেইবাজনো লোকে কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন বহুজন আহত হৈ চিকিৎসাধীন হ'বলগা হৈছে। যাৰ বাবে কুঁৱলীকেন্দ্ৰিক দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ সাজু হোৱাৰ লগতে সজাগতা অভিযান আৰম্ভ কৰিছে। এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা-পত্র) গৌতম দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগেও আগন্তুক দিনত নিশাৰ ভাগত ৰাজ্যৰ বেছিভাগ অঞ্চলতে কেইবাদিনলৈ ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিব বুলি সতর্কতা জাৰি কৰিছে। আনকি পাহাৰীয়া স্থান, নৈপৰীয়া অঞ্চল, জলাশয় আৰু মুকলি পথাৰৰ মাজেৰে যোৱা বাটপথসমূহ সন্ধিয়াৰ পিছত যথেষ্ট কুঁৱলী পৰিব বুলি বতৰ বিজ্ঞান বিভাগে আগতীয়াকৈ সতর্কতা জাৰি কৰিছে।
যাৰবাবে নিশাৰ ভাগত ৰাজপথত বাহন চলাওঁতে অত্যন্ত সতর্কতাৰে বাহন চলাবলৈ আৰু বিশেষ জৰুৰী নহ'লে নিশা ১০ বজাৰ পৰা পিছদিনা পুৱালৈ বাহন নচলাবলৈ চালকক আহ্বান জনাইছে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে। গৌতম দাসে সদৰী কৰা অনুসৰি যদি এই সময়ছোৱাত নিশাৰ ভাগত জৰুৰী কাৰণত বাহন চলাব লাগে তেন্তে সন্মুখত ফগ লাইট জ্বলাই অতি সীমিত গতিবেগতহে বাহন চলাব লাগে। আকৌ যদি বাহনখন ৰখাব লাগে তেন্তে পথৰ দাঁতিত সুৰক্ষিত স্থানত প্ৰধান পথত বাধা নোহোৱাকৈ পার্কিং লাইট জ্বলাইহে ৰাখিব লাগে। আকৌ কুঁৱলী দি থকা অৱস্থাত লাহে লাহে বাহন চলালেও মাজে মাজে সন্মুখৰ আইনাৰ উইপাৰ ব্যৱহাৰ কৰি থাকিব লাগে যাতে আইনাখন পৰিষ্কাৰ হৈ থাকে। ইতিমধ্যে বিগত দিনকেইটাত অসম আৰু দেশৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত সংঘটিত কুঁৱলীকেন্দ্রিক দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে। আনকি বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইবাদিনলৈ নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যৰ বিভিন্ন প্রান্তত ডাঠ বা ঘন কুঁৱলী পৰিব বুলি সতর্কতা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সকলোৱে নিশা ৰাজপথত বাহন চলোৱাৰ ক্ষেত্ৰত আৰু ‘পথ সুৰক্ষা আৰু জীৱন ৰক্ষাৰ স্বাৰ্থত চালকসকলে অতি সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰী কৰিছে।
Comments