গুৱাহাটী,১ জানুৱাৰী:দেহত সকলোবোৰ বস্তু পৰ্যাপ্ত পৰিমাণে থকাটো প্ৰয়োজন।আমি খোৱা খাদ্যবোৰৰ জৰিয়তে আমাৰ দেহত প্রয়োজনীয় শক্তি আহৰণ হয়।কিন্তু বৰ্তমান সময়ত বহুতো লোকে নিমখ খোৱা কমাই দিছে,উচ্চ ৰক্ত চাপৰ ভয়ত নিমখ খোৱা কমাই দিছে যদি পঢ়ক এই বিশেষ লেখা।
★লোণ কম পৰিমাণে খালে বৃদ্ধি হ’ব পাৰে ইনচুলিন। নিতৌ নির্দিষ্ট পৰিমাণতকৈ কমকৈ লোণ খালে স্বাস্থ্যৰ উপকাৰী উপাদানৰ মাজত ভাৰসাম্য ৰক্ষা নহয়। এনে ভাৰসাম্যহীন অৱস্থাৰ বাবে ইনচুলিনৰ পৰিমাণ বৃদ্ধি পায়।
★লোণত থকা ছ’ডিয়াম শৰীৰৰ প্ৰয়োজনীয় উপাদান। এইবিধ উপাদানে ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। সেইবাবে সকলোৰে নির্দিষ্ট পৰিমাণৰ লোণ খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে।
★ ডায়েবেটিছত আক্রান্তসকল নিয়মমতে নির্দিষ্ট পৰিমাণৰ লােণ খাবই লাগে। কাৰণ যদি প্রয়ােজন মতে লোণ নাখায় তেতিয়া হ’লে হার্টএটেক আৰু ষ্ট্রোকত আক্রান্ত হােৱাৰ আশংকা বৃদ্ধি পায়। টাইপ- ১, টাইপ-২ দুয়োবিধ ডায়েবেটিছত আক্রান্তৰ ক্ষেত্ৰতেই সমানেই প্ৰভাৱ পৰে। এই ৰোগত আক্রান্ত লােকসকলে আন আন বিষয়ৰ লগতে নির্দিষ্ট পৰিমাণে লোণ খোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত।
★নির্দিষ্ট পৰিমাণতকৈ কম নিমখ খালে শৰীৰত এনার্জী বা শক্তিৰ পৰিমাণ হাস পায়। সেইবাবে সদায় নির্দিষ্ট পৰিমাণৰ লোণ খোৱা উচিত।
★আজিকালি বহুতো লোকে লোণ কমকৈ খোৱাৰ প্রৱণতাই গঢ় কৰি উঠিছে। এনে মানসিকতা পৰিহাৰ কৰি শাৰীৰিক ভাৰসাম্য ৰক্ষাৰ বাবে নির্দিষ্ট পৰিমাণৰ লোণ খোৱাৰ অভ্যাস গঢ়ি তোলক।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments