Cartoon
View Older
গুৱাহাটী,১ জানুৱাৰী:চীনৰ কৰ'না পৰিস্থিতি ক্ৰমাৎ অধিক উদ্বেগজনক হৈ পৰিছে। এক গৱেষণা সংস্থাই আশংকা কৰা অনুসৰি, নতুন বছৰত দেশখনত সংক্ৰমণৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাব। ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দেশখনত মৃত্যুৰ হাৰো বৃদ্ধি পাব বুলি লণ্ডনৰ ‘এয়াৰফিনিটী লিমিটেড'ৰ তৰফৰ পৰা দাবী কৰা অনুসৰি জানুৱাৰী মাহৰ শেষলৈ চীনত দৈনিক কৰ'নাত মৃতকৰ সংখ্যা ২৫ হাজাৰলৈ বৃদ্ধি পোৱাৰ আশংকা আছে।
২৩ জানুৱাৰীত কৰ'নাত মৃত্যুৰ হাৰে শিখৰ স্পৰ্শ কৰিব। ইয়াৰ পূৰ্বৰ দিনটো অৰ্থাৎ ২২ জানুৱাৰী হ'ব চীনত লুনাৰ নিউইয়াৰ । পৰিণতিত এই দিনটোত সংক্ৰমণৰ হাৰ দুগুণলৈ বৃদ্ধি পাব। সংস্থাটোৰ মতে, সেই সময়ছোৱাত চীনত দৈনিক কৰ'নাত আক্রান্ত হ’ব ১০ লাখ লোক ।
Comments