গুৱাহাটী, ২ জানুৱাৰীঃকেন্দ্ৰীয়ভাৱে সুৰক্ষিত ভাৰতৰ ৩,৬৯৩টা স্মৃতিচিহ্নৰ ভিতৰত ৫০টা অন্তৰ্ধান হৈছে।সংস্কৃতি মন্ত্ৰালয়ে সংসদত দাখিল কৰা তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে।
৮ ডিচেম্বৰত সংসদৰ এখন স্থায়ী সমিতিক দাখিল কৰা এখন প্ৰতিবেদনত সংস্কৃতি মন্ত্ৰালয়ে কয়, “...এই টো অতি উদ্বেগৰ বিষয় যে ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ (এ এছ আই) অধীনৰ ৰাষ্ট্ৰীয় গুৰুত্ব থকা ভালেমান স্মৃতিচিহ্ন বিগত বছৰবোৰত দ্রুত নগৰীকৰণ, বান্ধবোৰৰ জলভাণ্ডাৰত বুৰ যোৱাৰ কাৰণে, ঘন অৰণ্যত থকা দুর্গম স্থানবোৰ বিচাৰি উলিয়াব নোৱৰাৰ কাৰণে বিচাৰি উলিয়াব পৰা হোৱা নাই।'
উল্লেখযোগ্য যে এ এছ আই সংস্কৃতি মন্ত্ৰালয়ৰ অধীন।অন্তর্ধান হোৱা স্মৃতিচিহ্নবোৰৰ ভিতৰত ১১টা উত্তৰ প্ৰদেশৰ।দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ দুটাকৈ মুঠ ৮টা। অসম, অৰুণাচল প্রদেশ, পশ্চিম বংগ, উত্তৰাখণ্ড আৰু মধ্য প্ৰদেশৰ এটাকৈ মুঠ ৫টা।এ এছ আইৰ মতে, এই স্মৃতিচিহ্নবোৰৰ ভিতৰত ১৪টা হেৰাল দ্ৰুত নগৰীকৰণৰ বাবে, ১২টা বুৰ গ'ল জলভাণ্ডাৰ বা বান্ধবোৰত আৰু বাকী ২৪টা বিচাৰি উলিয়াব পৰা হোৱা নাই।
Comments