Cartoon
View Older
গুৱাহাটী,৬ জানুৱাৰী:অৰুণাচল প্ৰদেশত পুনৰ আলফা (স্বা) কেডাৰৰ আত্মসমৰ্পণ । অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাৰ লাজুম থানাত বিজু বাগতি(29) ওৰফে প্ৰিয়ব্ৰত অসমে আত্মসমৰ্পণ কৰে ।
কেডাৰজন মৰাণৰ নাহৰণি ব্লক গাঁৱৰ কৃষ্ণ বাগতিৰ পুত্ৰ ৷ ২০১৩ চনতেই আলফা স্বাধীনত যোগদান কৰিছিল কেডাৰজনে ৷ সম্প্ৰতি তিনিচুকীয়া জিলাৰ লেখাপানী থানাত কেডাৰজনক সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
Comments