ডিমাপুৰ, ৬ জানুৱাৰী ঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি কয় যে বিজেপি চৰকাৰে মণিপুৰক বন্ধ আৰু সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিলে তথা ৰাজ্যখনক উন্নয়নৰ পথলৈ আনিলে৷ গৃহ মন্ত্ৰীজনে ভাৰ্চুৱেলি ৩০০ কোটি টকা ব্যয়সাপেক্ষ ১২টা প্ৰকল্প উদ্বোধন কৰি তথা ১০০৭ কোটি টকা ব্যয়সাপেক্ষ জ্ঝটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি বিষ্ণুপুৰ জিলাৰ মৈৰাঙৰ এখন জনসভাত ভাষণ দি এইদৰে কয়৷
শ্বাহে কয় যে বিজেপি চৰকাৰে উগ্ৰপন্থাক পৰাস্ত কৰিলে আৰু ৰাজ্যখনৰ ছখন জিলাৰ পৰা সশস্ত্ৰ বাহিনী [বিশেষ ক্ষমতা] আইন [আফস্পা], ১৯৫৮ আঁতৰালে৷ তেওঁ কয়, ‘কংগ্ৰেছৰ শাসনৰ সময়ত মণিপুৰত সন্ত্ৰাসৰ পৰিস্থিতি আছিল৷ এতিয়া এইখন হৈছে সুশাসিত শ্ৰেষ্ঠ ক্ষুদ্ৰ ৰাজ্যসমূহৰ এখন৷’ অমিত শ্বাহে কয় কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে আঠবছৰতকৈ কম সময়ত উত্তৰ-পূৰ্বাঞ্চলত ৩.৪৫ লাখ কোটি টকা বিনিয়োগ কৰিছে৷
আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সময়ছোৱাত এই অঞ্চলটো ৫১বাৰ ভ্ৰমণ কৰিছে৷ মণিপুৰত এন বীৰেন সিঙৰ চৰকাৰে নিচাযুক্ত দ্ৰব্য [ড্ৰাগ্ছ] সৰবৰাহ আৰু সেৱনৰ বিৰুদ্ধে প্ৰবল অভিযান চলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে অহা নিৰ্বাচনৰ আগত ৰাজ্যখনক নিচাযুক্ত দ্ৰব্য মুক্ত কৰিব৷
তেওঁ উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত ছাংগেইথালৰ মণিপুৰ অলিম্পিয়ান পাৰ্ক, চৰকাৰী জৱাহৰলাল নেহৰু ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সত ধনৰ বিনিময়ত লাভ কৰা এটা প্ৰাইভেট ৱাৰ্ড, মোৰে নগৰত পানী যোগান আঁচনি, কাংলা দুৰ্গৰ পূবফালে নংপক থং দলং আৰু কাংখুই গুহাত গুহা পৰ্যটন প্ৰকল্পও আছে৷
আধাৰশিলা প্ৰকল্পসমূহৰ ভিতৰত আছে ৪০টা আৰক্ষী চকী৷ ইয়াৰে ৩৪টা চকী হ’ব ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আৰু ছটা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত৷ দিনটোৰ আগভাগত তেওঁ মৈৰাঙত আজাদ হিন্দ ফৌজৰ [আই এন এ] মুখ্য কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰে আৰু চুৰাচান্দপুৰত এখন চিকিৎসা মহাবিদ্যালয় তথা ই¥£ল জিলাত প’ল’ খেলুৱৈৰ ১২০ ফুট উচ্ছতাৰ এটা মূৰ্তি উদ্বোধন কৰে৷
ইফালে আজি নগালেণ্ডৰ ডিমাপুৰত এখন সভাত গৃহ মন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলক মূলসুঁতিলৈ অনাৰ কেন্দ্ৰৰপৰিকল্পনাই ফল দিছে৷ অঞ্চলটোৰ আঠখন ৰাজ্যই উন্নয়নৰ বিভিন্ন পৰ্যায়ৰ মাজেদি আগবাঢ়িছে৷ এই বৰ্ষতে নিৰ্বাচন হ’বলগীয়া ৰাজ্যখনত গৃহ মন্ত্ৰীজনে ৫২ কোটি টকাৰ পাঁচটা প্ৰকল্প উদ্বোধন কৰে৷
গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে নগালেণ্ডত উগ্ৰপন্থী কাৰ্যকলাপ ২০১৪ চনৰ পৰা ২০২১ চনৰ ভিতৰত ৭৪ শতাংশ হ্ৰাস পাইছে৷ গৃহ মন্ত্ৰীজনে আৰু কয় যে ১০০ বছৰৰ পাছত নগালেণ্ডে দ্বিতীয়টো ষ্টেছন পাব৷
Comments