গুৱাহাটী, ৭ জানুৱাৰীঃ বেংক ডকাইতিৰ ঘটনা প্ৰায়ে বিশ্বৰ সৰহসংখ্যক ঠাইতে সংঘটিত হৈ থাকে। কিন্তু পৃথিৱীত এনে এখন দেশো আছে, য'ত ২০২২ চনত বেংক ডকাইতিৰ এটাও ঘটনা সংঘটিত হোৱা নাই। এই দেশখন হৈছে ডেনমাৰ্ক য'ত দেশৰ সৰ্ববৃহৎ বেংক মেনেজমেণ্টে দাবী কৰিছে যে দেশখনত যোৱা এবছৰত তেওঁলোকৰ কৰ্মচাৰীৰ বাবে যথেষ্ট আৰামদায়ক হৈ পৰিছে। কাৰণ এই সময়ছোৱাত দেশত বেংক ডকাইতি বা ডকাইতিৰ এটাও ঘটনা পোহৰলৈ অহা নাই।
ডেনমাৰ্কে এই সাফল্যৰ বাবে গৌৰৱান্বিত। ডেনিছ ফাইনেন্স ৱৰ্কৰ্ছ ইউনিয়ন ফাইনেন্স ফৰ বুন্দেটৰ উপাধ্যক্ষ ষ্টিন ওলছেনে কয় যে, "বেংকত এটাও অপৰাধ সংঘটিত নোহোৱাতো কোনো সকাহৰ খবৰ নহয়, কিয়নো বেংক ডকাইতিৰ দৰে অপৰাধৰ বাবে আমাৰ কৰ্মচাৰীসকলৰ জীৱন বিপদাপন্ন হৈ পৰে, লগতে তেওঁলোকৰ মানসিক অৱস্থাও প্ৰভাৱিত হয়। ইফালে, দেশৰ বিত্তীয় অৱস্থাৰ বিশেষজ্ঞসকলৰ মতে, অৰ্থাৎ বিত্তীয় বিশেষজ্ঞসকলৰ মতে, দেশখনত বেংক ডকাইতিৰ এটাও ঘটনা নোহোৱাৰ কাৰণ ডেনমাৰ্কত নগদ ধনৰ প্ৰচলন হ্ৰাস হোৱাৰ বাবে হৈছে।
Comments