গুৱাহাটী,৪ জানুৱাৰী:মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে তিৱা ৰজা বীৰ জোঙাল বলহুৰ স্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে নাবাৰ্ডৰ আন্তঃগাঁথনি উন্নয়ন সাহায্যৰ অধীনত জোঙাল বলহু ক্ষেত্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে । তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু তিৱা ৰজা জোঙাল বলহু দিৱস উদযাপন সমিতিৰ সহযোগত নগাঁও জিলাৰ ৰহাত আয়োজিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰে। তেওঁ কয় যে ৫০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো ৰূপায়ণ কৰা হ'ব।
প্ৰকল্পটোত তিৱা সংস্কৃতি চিত্ৰীত কৰা প্ৰৱেশদ্বাৰ, পদপথ, চাইকেল ট্রেক, ইলেকট্রিক বাহন ট্রেক, ভাসমান দলং, চাংঘৰ, ডেকাচাং, অতিথি গৃহ, তিৱা যাদুঘৰ, গেলাৰী আৰু ভাস্কৰ্য্যৰ সৈতে এটা দৰ্শনাৰ্থী কেন্দ্ৰ, ৰংগমঞ্জ, একুৱাৰিয়ামসহ প্ৰদৰ্শনী কেন্দ্ৰ, সন্মিলন কেন্দ্র, পর্যটন তথ্য কেন্দ্ৰ আৰু জলপান গৃহকে ধৰি বহু সুবিধা সন্নিৱিষ্ট কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই পর্যটন ক্ষেত্ৰত এখন উদ্যান নিৰ্মাণ কৰিবলৈ জিলা প্ৰশাসনক প্রচেষ্টা গ্রহণ কৰিবলৈ আৰু জোঙাল বলহু পর্যটন ক্ষেত্র সংযোগী পথ দুইলেনযুক্ত পথলৈ উন্নীত কৰিবলৈ ৰাইজৰ সহযোগিতাৰ আহ্বান জনায়।মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰ যোদ্ধাগৰাকীৰ প্ৰতিমূৰ্তিত সশ্রদ্ধ প্ৰণিপাত জনাই কয় যে তিৱা ৰজাসকলৰ ভিতৰত অন্যতম জোঙাল বলহুৱে ৰাজকীয় শাসন ব্যৱস্থাৰে জনগোষ্ঠীটোৰ আৰ্থসামাজিক আৰু আধ্যাত্মিক জীৱন ধাৰাৰ পৰিৱৰ্তন সাধন কৰিছিল। ইয়াৰ দ্বাৰা কেৱল জনগোষ্ঠীটোৱে নহয়, সামগ্ৰিকভাৱে ৰাজ্যখনে এটা নতুন প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছিল বুলি তেওঁ কয়।
আজিৰ অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, বিধায়ক শশীকান্ত দাস, ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী, অসম পৰ্যটন উদ্যোগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱৰ, প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।
Comments