গুৱাহাটী,৪ জানুৱাৰী:স্বাস্থ্য মন্ত্ৰালয়ে চীন, চিংগাপুৰ, হংকং, কোৰিয়া গণৰাজ্য, থাইলেণ্ড আৰু জাপানৰ পৰা ভাৰতলৈ অহা যাত্ৰীৰ বাবে এয়াৰ সুবিধা পোৰ্টেল কাৰ্যক্ষম কৰি তুলিবলৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে, যাতে এই যাত্ৰীসকলে এই পোৰ্টেলৰ জৰিয়তে আৰ টি পি চি আৰ পৰীক্ষাত কোৱিডৰ উপস্থিতি ধৰা নপৰাৰ প্ৰতিবেদন আৰু স্বঘোষণা দাখিল কৰিব পাৰে।
চীন, হংকং, জাপান, দক্ষিণ কোৰিয়া চিংগাপুৰ আৰু থাইলেণ্ডৰ পৰা অহা যাত্ৰীসকলৰ বাবে ইতিমধ্যে আৰ টি পি চি আৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। যাত্ৰীসকলে ভ্ৰমণৰ পূৰ্বে এয়াৰ সুবিধা পোৰ্টেলত নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। ভ্রমণ আৰম্ভ কৰাৰ ৭২ ঘণ্টাৰ ভিতৰত পৰীক্ষা কৰিব লাগিব। আন্তঃৰাষ্ট্ৰীয় বিমানেৰে ভাৰতলৈ অহা সকলো যাত্ৰীৰ দুই শতাংশৰ আকস্মিক পৰীক্ষাৰ উপৰি চীন আৰু অন্য ৫ খন দেশৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰত বাধ্যতামূলক আৰ টি পি চি আৰ পৰীক্ষাৰ এই ব্যৱস্থা প্ৰযোজ্য হ'ব।
Comments