গুৱাহাটী,৫ জানুৱাৰী: বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰে সীমান্ত বিষয় সন্দৰ্ভত ভাৰতৰ সৈতে হোৱা চুক্তি মানি নচলাৰ বাবে চীনক তীব্ৰ সমালোচনা কৰিছে। অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ প্ৰতিষ্ঠান অ’ আৰ এফৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ড° জয়শংকৰে কয় যে, সীমান্ত এলেকাত একেলগে অধিক সৈন্য গোট নুখুওৱা সন্দৰ্ভত চীনৰ সৈতে ভাৰতৰ কেইবাখনো চুক্তি আছে।
অৱশ্যে চীনে সেই চুক্তিবোৰ মানি চলা নাই আৰু দেশখনে একপক্ষীয়ভাৱে বাস্তৱিক সীমান্ত ৰেখাৰ স্থিতি সলনি কৰাৰ বাবে চেষ্টা চলাই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। চীনে স্থিতাৱস্থা পৰিৱৰ্তন কৰাৰ বাবে চলোৱা প্ৰচেষ্টা সন্দৰ্ভত ড° জয়শংকৰে কয় যে চীনে চুক্তি মানি চলা নাই বুলি ভাৰতক জগৰীয়া কৰিব পাৰে যদিও উপগ্ৰহৰ পৰা লোৱা আলোকচিত্ৰৰ পৰা দোষ কাৰ সেয়া স্পষ্ট হৈ উঠিছে।
দুয়োখন দেশৰ মাজৰ অচলাৱস্থা দূৰ কৰাৰ বাবে এতিয়ালৈকে সপ্তদশ লানি আলোচনা অনুষ্ঠিত হৈছে বুলি তেওঁ উল্লেখ কৰে। ড° জয়শংকৰে কয় যে ভাৰতে সম্ভৱতঃ চলিত বৰ্ষত চীনক চেৰ পেলাই বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশৰূপে পৰিগণিত হ'ব। ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে বিশ্বৰ অন্যতম জনবহুল দেশ ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁ লগতে সাক্ষাৎকাৰৰ সময়ত পাকিস্তানক পৰোক্ষভাৱে সমালোচনা কৰি দেশখনক সন্ত্ৰাসবাদৰ কেন্দ্ৰ বুলি অভিহিত কৰে।
Comments