Cartoon
View Older
গুৱাহাটী,৫ জানুৱাৰী: প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ জানুৱাৰীত পৰীক্ষা পে’ চৰ্চা কাৰ্যসূচীৰ ষষ্ঠ সংস্কৰণত বিদ্যাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে এই কথা প্ৰকাশ কৰিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে’ চৰ্চা কাৰ্যসূচীৰ ৰূপত সমগ্ৰ দেশৰ বিদ্যাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে পাৰস্পৰিক বাৰ্তালাপৰ এটা অনন্য কাৰ্যসূচী যুগুতাই উলিয়াইছে। তেওঁলোকে এই কাৰ্যসূচীৰ জৰিয়তে মানসিক ছাপৰ পৰা মুক্ত হৈ পৰীক্ষাত উন্নত প্ৰদৰ্শন কৰি জীৱনক এটা উৎসৱ হিচাপে উদযাপন কৰাৰ কিটিপ আয়ত্ত কৰিব পাৰে ।
Comments