গুৱাহাটী,৯ জানুৱাৰীঃগুৱাহাটী মহানগৰীত এতিয়া ক্ৰিকেটৰ উন্মাদনা । মাজত মাথোঁ আৰু এটা দিন । ভাৰত আৰু শ্ৰীলংকাৰ মাজত ১০ জানুৱাৰীত অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৷ ইতিমধ্যেই খেলৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ৷ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব লগা এই মেচৰ বাবে ১০ জানুৱাৰীত কামৰূপ মহানগৰত স্থানীয় অৰ্ধ ছুটীৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ কামৰূপ মহানগৰৰ সকলো চৰকাৰী-কাৰ্যালয়, শিক্ষানুষ্ঠান ১০ জানুৱাৰীৰ দুপৰীয়া ১ বজাৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷ উল্লেখ্য যে, দিনৰ ডেৰ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ৷
ইতিমধ্যে ঘৰুৱা দলৰ প্ৰায় সংখ্যক খেলুৱৈ গুৱাহাটীত আহি উপস্থিত হৈছে আৰু সম্প্ৰতি হোটেল ৰেডিচন ব্লুত বাহৰ পাতি আছে ৷ আনহাতে, দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হয় শ্ৰীলংকাৰ দলটো ৷ দেওবাৰে সন্ধিয়া ভাৰতীয় দলৰ খেলুৱৈসকলে বৰ্ষপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন কৰে ৷ আনহাতে, সোমবাৰে ভাৰত আৰু শ্ৰীলংকা দুয়োটা দলেই পৃথকে পৃথকে অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত ৷
Comments