গুৱাহাটী,৯ জানুৱাৰী:অসম তথা উত্তৰ-পূবৰ ক্ৰিকেটপ্ৰেমীয়ে নতুন বছৰটোৰ আৰম্ভণিতেই এখন আন্তঃৰাষ্ট্ৰীয় খেল উপভোগ কৰিবলৈ সুযোগ লাভ কৰিছে । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে অৰ্থাৎ ১০ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । ইতিমধ্যে ভাৰতীয় দলৰ প্ৰায়সংখ্যক খেলুৱৈ গুৱাহাটীত উপস্থিত হৈ বাহৰ পাতিছে হোটেল ৰেডিচন ব্লুত । ইফালে শ্ৰীলংকাৰ দলটো দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হ'য় । উল্লেখ্য যে, শনিবাৰে নিশাই ভাৰতীয় দলৰ কেইবাগৰাকী খেলুৱৈ আহি গুৱাহাটী উপস্থিত হয় । দেওবাৰেও আহে কেইবাগৰাকীও খেলুৱৈ ।
ইফালে প্ৰিয় তাৰকা খেলুৱৈ সকলক প্ৰত্যক্ষ কৰাৰ বাবে হোটেল ৰেডিচন ব্লুৰ বাহিৰত সমবেত হয় বহু ক্ৰিকেটপ্ৰেমী ।আনহাতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰতো ক্ৰিকেটপ্ৰেমীৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। সোমবাৰে দুয়োটা দলে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব । ইফালে খেলখন সুকলমে অনুষ্ঠিত কৰিবলৈ সম্পূর্ণ সাজু হৈছে অসম ক্ৰিকেট সন্থা ।বর্ষাপাৰা ষ্টেডিয়ামত ইতিমধ্যে দুখন টি-২০ অনুষ্ঠিত হৈ গৈছে । এইবাৰ ৫০ অ'ভাৰৰ আন্তর্জাতিক এদিনীয়া খেলখন অনুষ্ঠিত হ'ব ।
Comments