গুৱাহাটী,৯ জানুৱাৰী:অসম তথা উত্তৰ-পূবৰ ক্ৰিকেটপ্ৰেমীয়ে নতুন বছৰটোৰ আৰম্ভণিতেই এখন আন্তঃৰাষ্ট্ৰীয় খেল উপভোগ কৰিবলৈ সুযোগ লাভ কৰিছে৷ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক খেল৷খেলখন সুকলমে অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে অসম ক্ৰিকেট সন্থা৷
জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতাৰ মাজেৰে অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ ৭ খন গেট থাকিব । গেট নং ১-বিৰে আমন্ত্ৰিত অতিথিসকলে এ কে আজাদ পথেৰে বৰ্ষাপাৰা তিনিআলি হৈ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰৱেশ কৰিব । বাকী ৬ খন গেটেৰে দৰ্শকে ষ্টেডিয়ামত সোমাব পাৰিব ।বর্ষাপাৰাত এইবাৰ হ'বলগীয়া এদিনীয়া খেলখন বিয়লি ১.৩০ বজাৰ পৰা আৰম্ভ হ'ব । দৰ্শকৰ বাবে খেল আৰম্ভ হোৱাৰ ৩ ঘণ্টাৰ আগেয়ে গেটসমূহ খোলা হ’ব । দৰ্শকৰ সুবিধাৰ বাবে প্ৰৱেশ পথৰ ক্ষেত্ৰত স্পষ্ট নীতি-নিৰ্দেশনা প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে গাড়ী পাৰ্কিঙৰ বাবে স্থান নিৰ্ধাৰণ কৰা হৈছে ।সেই অনুসৰি এ কে দেৱ পথেৰে অহা সকলে চম্পাৱতী ফিল্ড, গণেশপাৰা পথ, দাতালপাৰা ফিল্ড, চম্পাৱতী ফিল্ডৰ পৰা গড়চুক তিনিআলি, আমবাৰী ৰঙাপথাৰ ফিল্ড আৰু পি ডব্লিউ ডি, ফটাশিল আমবাৰীত গাড়ী পাৰ্কিং কৰিব পাৰিব ।
ইফালে এ কে আজাদ ৰোডৰ পৰা অহা দর্শকে লুটুমা ফিল্ড, চাইকেল ফেক্টৰী ফিল্ড, লালগণেশৰ পৰা সাউকুছি ব্ৰীজ, ছানৰাইজ ক্লাব, কলনী বজাৰৰ পৰা বৰ্ষাপাৰা বি এছ এন এল কার্যালয়, ৰুলিং মিল পাৰ্কি ফিল্ড, কালীমন্দিৰ ফিল্ড, কলনী বজাৰ, নিউ পদ্মশ্ৰী ক্লাব ফিল্ড, এছ আৰ চৌধুৰী ফিল্ড আৰু কাহিলিপাৰাত পাৰ্কি কৰিব পাৰিব ।আনহাতে খেল চাবলৈ অহা দৰ্শকে মাথোঁ ম'বাইল ফোন, গাড়ীৰ চাবি, মানী বেগ আৰু দণ্ডবিহীন ৰাষ্ট্ৰীয় পতাকা লৈ ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব । ইফালে খেলৰ দিনা গুৱাহাটী মহানগৰৰ ভিতৰত ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িওৱা ৪ চকীয়া তথা ইয়াৰ অধিক গধুৰ যান-বাহন পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজা পর্যন্ত চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
একেদৰে এ কে আজাদ ৰোড আৰু এ কে দেব ৰোডত পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজা পর্যন্ত তিনিচকীয়া আৰু ইয়াৰ অধিক গধুৰ যানবাহন চলাচল নিষিদ্ধ কৰা হৈছে । এ কে আজাদ ৰোড (লখৰা ৰোড) পুৱা ১০ বজাৰ পৰা নিশা ১১-৩০ বজালৈ ৱান ৱে’ হ’ব । ১০ জানুৱাৰীৰ দিনা বর্ষাপাৰা ৰোড, বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলি কাৰ পাছ থকা বাহনৰ বাবে ৱান ৱে’ হ’ব ।আনহাতে পাছ নথকা বাহন বর্ষাপাৰা তিনিআলিৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব । অৱশ্যে স্থানীয় বাসিন্দাই প্ৰৱেশ কৰিব পাৰিব । উল্লেখ যে, গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ১০ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া ক্ৰিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে নিশা ষ্টেডিয়ামখনত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
Comments