গুৱাহাটী,৯ জানুৱাৰী:ক্ৰমান্বয়ে তাৰকাবিহীন হৈ পৰিছে চলিত বৰ্ষৰ প্ৰথমখন গ্ৰেণ্ডশ্লাম অষ্ট্ৰেলিয়ান অ'পেন। পুৰুষৰ শীৰ্ষস্থানৰ তাৰকা কাৰ্নোৰ্ছ আলকা ৰেঞ্জে আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰাৰ পিছত এইবাৰ অষ্ট্ৰেলিয়ান অপেনৰ পৰা বাহিৰ হ'ল নাওমি ওছাকা আৰু ভেনাছ উইলিয়ামছ । দুবাৰৰ অষ্ট্ৰেলিয়ান অ'পেনৰ চেম্পিয়ন জাপানৰ ওচাকাই প্ৰতিযোগিতাখনৰ আৰম্ভ হোৱাৰ এসপ্তাহৰ পূৰ্বে তেওঁ নাম প্রত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আজি অষ্ট্ৰেলিয়ান অ’পেনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই কথা নিশ্চিত কৰে। অৱশ্যে ২০১৯ আৰু ২০২১ চনৰ চেম্পিয়ন নাওমিৰ নাম প্ৰত্যাহাৰৰ আঁৰৰ কাৰণ উল্লেখ কৰা নাই অষ্ট্ৰেলিয়ান অ'পেনৰ কর্তৃপক্ষই। অন্যহাতে বিগতসপ্তাহত অকলেও ক্লাছিকও আঘাতপ্রাপ্ত প্রবীণ আমেৰিকান টেনিছ তাৰকা ভেনাছ উইলিয়ামছো গ্ৰেণ্ডশ্লামখনৰ পৰা বাহিৰ হৈছে। উল্লেখ্য যে বিশ্বৰ প্ৰথম স্থানৰ পুৰুষ খেলুৱৈ আলকাৰেজেও আঘাতৰ বাবে অষ্ট্ৰেলিয়ান অ'পেন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Comments