গুৱাহাটী, ৯ জানুৱাৰীঃ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই শেহতীয়াকৈ জানিবলৈ দিয়ে যে, "আমাৰ কভ'ভেক্স ভেকছিনে আগন্তুক ১০ ৰ পৰা ১৫ দিনৰ ভিতৰত ক'ভিডৰ বুষ্টাৰ পালি হিচাপে অনুমোদন লাভ কৰিব।ভাৰতী বিদ্যাপীঠ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে আৰু কয় যে, "কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কভিশ্বিল্ডৰ যথেষ্ট ষ্টক আছে আৰু লগতে অহা ১০ ৰ পৰা ১৫ দিনৰ ভিতৰত কভ'ভাক্স ভেকছিনে বুষ্টাৰ পালি হিচাপে অনুমোদন লাভ কৰিব। লগতে, ভেকছিনে ক'ৰনা ভাইৰাছৰ অ'মিক্ৰন প্ৰকাৰৰ বিৰুদ্ধে ভালদৰে কাম কৰে।
ইফালে, কভিশ্বিল্ড ভেকছিনৰ উপলব্ধতা আৰু ৰাজ্য আৰু জিলাসমূহলৈ ইয়াৰ যোগানৰ অভাৱৰ বিষয়ে সোধাত তেওঁ কয় যে, "কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কভিশ্বিল্ডৰ যথেষ্ট ষ্টক আছে। চৰকাৰে ৰাজ্যসমূহক ভেকছিন প্ৰদান কৰিব পাৰে। কভিশ্বিল্ডৰ উৎপাদন এছআইআইত বন্ধ হোৱা নাই, আমি প্ৰয়োজন হ'লে ইয়াক পুনৰ আৰম্ভ কৰিব পাৰোঁ কিন্তু কভ'ভেক্স ভেকছিনে আগন্তুক ১০ পৰা ১৫ দিনৰ ভিতৰত বুষ্টাৰ পালি হিচাপে অনুমোদন লাভ কৰিব। ই ক'ৰনা ভাইৰাছৰ অ'মিক্ৰন প্ৰকাৰৰ বিৰুদ্ধে ভালদৰে কাম কৰিব।"
Comments