গুৱাহাটী,৯ জানুৱাৰী:প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ইন্দোৰত প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীয়ে প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ অদ্বিতীয় গোলকীয় দর্শন শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে মেক ইন ইণ্ডিয়া, যোগ আৰু আয়ুৰ্বেদ, ভাৰতৰ কুটীৰ উদ্যোগ, হস্ত-শিল্প আৰু বাজৰাৰ ব্ৰেণ্ড এম্বেছাদৰৰ বিষয়ে ব্যাখ্যা কৰে। ইয়াৰ পূৰ্বে প্রধানমন্ত্রীয়ে এটা বাৰ্তাত কয় যে, বিশ্বত সুকীয়া পৰিচয় গঢ়ি তোলা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ এয়া বৃহৎ সুযোগ। তিনিদিনীয়া প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন কালি ইন্দোৰত আৰম্ভ হয়।
উদ্বোধনী অনুষ্ঠানত গুয়েনাৰ ড০ মহম্মদ ইৰফান আলীক মুখ্য অতিথি আৰু ছুৰীনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকা প্ৰসাদ সন্তোখী বিশেষ অতিথি হিচাপে উপস্থিত থাকে। এইবাৰৰ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনৰ মূল বিষয়বস্তু হৈছে-প্ৰৱাসীঃ অমৃত কালত ভাৰতৰ প্ৰগতিৰ নিৰ্ভৰযোগ্য সহযোগী। কাইলৈ এই সন্মিলনৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মুৱে সামৰণি অনুষ্ঠানত অধ্যক্ষতা কৰিব আৰু প্ৰৱাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰিব।
Comments