গুৱাহাটী,১০ জানুৱাৰী:এম ভি গংগা বিলাস অভিযানে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ লগতে ভাৰতৰ চুবুৰীয়া দেশসমূহকো উপকৃত কৰক লৈ আশা প্রকাশ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ সেৱাৰ শুভাৰম্ভ কৰিব। এই ক্রুজখনে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ২৮ টা নদী প্ৰণালীৰ মাজেৰে সুদীৰ্ঘ ৩ হাজাৰ ২০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব। শ্ৰী সোণোৱালে কয় যে এই নদী ক্রুজখন হৈছে প্ৰধানমন্ত্ৰীৰ এক্ট ইষ্ট নীতিৰ উৎকৃষ্ট উদাহৰণ। তেওঁ কয় যে পর্যটকসকলে এই ক্রুজৰ জৰিয়তে যাত্ৰা কৰা ঠাইসমূহৰ সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে অধিক পৰিচিতি লাভ কৰিব পাৰিব।
এই নদী ক্রুজখনে অনাগত দিনত স্থানীয় লোকসকলৰ বাবে নিয়োগৰ সুযোগ প্ৰদান কৰাৰ লগতে নেপাল, ভূটান, বাংলাদেশৰ দৰে চুবুৰীয়া দেশসমূহকো উপকৃত কৰিব। শ্ৰীসোণোৱালে লগতে এই নদী ক্রুজ আৰম্ভ কৰাৰ পাছত জাহাজ উদ্যোগটোৱে এটা বৃহৎ পৰিসৰত সমৃদ্ধি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয় যে এম ভি গংগাবিলাসৰ প্ৰথমটো যাত্ৰাত ৩৬ গৰাকী ছুইচ নাগৰিকে যাত্ৰা কৰিব। এই যাত্ৰাৰ বাবে একোগৰাকী যাত্ৰীয়ে প্ৰতিদিনে ৩০০ আমেৰিকান ডলাৰ ব্যয় কৰিব লাগিব। তেওঁ লগতে কয় যে উত্তৰ-পূব খণ্ডৰ ক্রুজ অ’পাৰ্টেৰসকলৰ সহায়ক হোৱাকৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীৰ পৰাই গুৱাহাটীৰ পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধাও মুকলি কৰিব।
Comments