গুৱাহাটী, ১০ জানুৱাৰীঃ জিঅ’ই অসমত ৫-জি নেটৱৰ্কৰ শুভাৰম্ভ কৰি গুৱাহাটীত ট্ৰু ৫- জি সেৱা আৰম্ভ কৰিছে। সেই উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে গুৱাহাটীত জিঅ' ট্ৰু ৫ জি সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। লগতে, জিঅ’ই আজি গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত কামাখ্যা মন্দিৰ চৌহদত ইয়াৰ ট্ৰু ৫- জি নেটৱৰ্ক যুক্ত ৱাই-ফাই সেৱাও মুকলি কৰে।
ইপিনে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত জিঅ'ই ট্ৰু ৫- জি ৰ উপযোগিতা আৰু সুফল সন্দৰ্ভত বৰ্ণনা দাঙি ধৰি কয় যে, “গুৱাহাটীত জিঅ'ৰ ট্ৰু ৫-জি সেৱা আৰম্ভ কৰি মই খুবেই আনন্দিত হৈছো। মোৰ বিশ্বাস ট্ৰু ৫-জিয়ে অসমৰ প্ৰতিটো কোণত স্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰি সকলোৰে বাবে সুলভ কৰি তুলিব। আজি ইয়াত প্ৰদৰ্শন কৰা স্বাস্থ্য সমাধান "ক্লিনিক ইন দ্য বেগ" প্ৰচেষ্টাৰ দ্বাৰা তৃণমূল স্বাস্থ্যকৰ্মী আৰু আশা কৰ্মীসকল উপকৃত হ'ব। ইয়াৰ ডিজাইন সহজ আৰু ই ৫-জিৰ জৰিয়তে চিকিৎসা সঁজুলিৰ এটা চুইটৰ সৈতে কোনো তাঁৰৰ সংযোগ নোহোৱাকৈ সহজেই সংযোগ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে বিশেষজ্ঞ চিকিৎসকৰ সহায়ত স্বাস্থ্যসেৱা কৰ্মীসকলে অসমৰ অতি দুৰ্গম স্থানতো ৰোগীৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰিব পাৰিব।"
"মোৰ চৰকাৰে অসমত ৫-জি সেৱা ক্ষিপ্ৰতাৰে প্ৰৱৰ্তন কৰাত সহায় কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। ৫-জি ভিত্তিক স্বাস্থ্য সমাধানৰ জৰিয়তে আয়ুষ্মান ভাৰত ডিজিটেল অভিযান ৰূপায়ণ কৰি আমি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ৰাজ্যত ডিজিটেল স্বাস্থ্য পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰিম।"
তেওঁ আৰু কয় যে, "বৰ্তমানৰ ৯৫০০ কোটি টকাৰ বিনিয়োগৰ উপৰিও জিঅ’ই অসমত ৫-জি নেটৱৰ্ক স্থাপনৰ বাবে চলি থকা কামৰ বাবে ২৫০০ কোটিতকৈও অধিক টকা বিনিয়োগ কৰিছে আৰু ইয়াৰ দ্বাৰা আমাৰ ৰাজ্যৰ উন্নয়নৰ প্ৰতি তেওঁলোকৰ অপৰিসীম দায়বদ্ধতা প্ৰকাশ পাইছে। ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত অসমৰ প্ৰতিখন চহৰ আৰু মহকুমাত জিঅ’ ট্ৰু ৫-জি সেৱা উপলব্ধ কৰা হ’ব।”
Comments