গুৱাহাটী, ১০ জানুৱাৰী :শান্তিৰ বাতাৱৰণ ঘূৰি অহা বড়োভূমিত পুনৰ নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনাৰ তথ্য লাভ কৰাৰ পিছতে জোকাৰণিৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ গৃহ বিভাগত ৷ নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা ৰচাৰ সৈতে জড়িত থকাৰ অভিযোগত অস্ত্ৰসহ বিপিএফৰ প্ৰাক্তন বিধায়ক আৰু দুজন বড়ো নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছতে সোমবাৰে কোকৰাঝাৰত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং ৷
আইন-শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰৰ পৰা কোকৰাঝাৰৰ চৰাইখোলাস্থিত সপ্তম বেটেলিয়নৰ ছাউনিত বাহৰ পতি থকা আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং মঙলবাৰে কোকৰাঝাৰ সদৰ থানত উপস্থিত হৈ আৰক্ষী বিষয়াসকলৰ সৈতে জিলাখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৷ আলোচনাৰ অন্তত জি পি সিঙে শেহতীয়া ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে বিগত এমাহৰ পৰা আৰক্ষীৰ হাতত তথ্য আছিল নতুন সশস্ত্ৰ সংগঠন খোলাৰ ।সশস্ত্ৰ সংগঠনটোৱে গণৰাজ্য দিৱসৰ দিনা আত্মপ্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল ৷
সেইমতে আৰক্ষীয়ে যোৱা ৬ জানুৱাৰীত অভিযান চলাই প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক আটক কৰে ৷ অভিযানত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ । লগতে একে তথ্যৰ ভিত্তিতে দাহৰাও দেখ্ৰেৱ নাৰ্জাৰী আৰু বিক্ৰম দৈমাৰীক গ্ৰেপ্তাৰ কৰা হয় ৷ নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনাৰ সৈতে আন কেইবাজনো জড়িত থকাৰ তথ্য আছে ।
ইপিনে ইয়াৰ পূৰ্বেও এনএলএফবি নামৰ সশস্ত্ৰ সংগঠন গঠন কৰা হৈছিল । তেতিয়া স্কৰপিঅ'ত ওলোৱা অস্ত্ৰখিনি হিতেশ বসুমতাৰীয়ে যোগান ধৰিছিল বুলি সদৰী কৰি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ইয়াৰ তদন্ত নিয়াই কৰিছিল । সকলো তথ্য-প্ৰমাণ মজুত আছে । কিন্তু শান্তিৰ হকে গোচৰটো নিয়াৰ হাতৰ পৰা ঘূৰাই লোৱা হৈছিল । পুনৰ এনেধৰণৰ ঘটনা হোৱাত বিষয়টো ভালদৰে চালিজাৰি চাবলৈ আৰু কাৰ্যব্যৱস্থা ল'বলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে ।
নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনাৰ সৈতে বহু লোক জড়িত হৈ আছে ৷ তেওঁলোকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা হাতত লোৱা হ'ব বুলি সদৰী কৰি বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে বড়োভূমিক পুনৰ ৰক্তাক্ত হ'বলৈ দিয়া নহ'ব ৷ ইপিনে কৰিমগঞ্জৰ ঘটনাক লৈ জি পি সিঙে কয় যে ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষী অধীক্ষকক আইনগত যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে ৷
Comments