Cartoon
View Older
গুৱাহাটী,৮ জানুৱাৰী:অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ভাৰ্চুৱেলী পৰশুৰাম কুণ্ড মহোৎসৱৰ ৱেবছাইটটো মুকলি কৰে ৷ তেওঁ মহোৎসৱৰ ৱেবছাইটৰ লগতে ল'গ' আৰু লোহিত জিলা প্ৰশাসনে সংকলিত কৰা প্ৰচাৰমূলক ভিডিঅ'টোও মুকলি কৰে । ১২ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ অৰুণাচলত অনুষ্ঠিত হ’ব পৰশুৰাম কুণ্ড মহোৎসৱ ৷
এই মহোৎসৱৰ বাবে ইতিমধ্যে ৰাজ্যখনত ৱেবছাইটটোৱে পৰশুৰাম কুণ্ড মহোৎসৱলৈ যাবলৈ অহা দৰ্শনাৰ্থী তথা তীৰ্থযাত্ৰীসকলক সকলো তথ্য আৰু লজিষ্টিক সহায় আগবঢ়াব ৷ দৰ্শনাৰ্থীসকলে অফিচিয়েল ৱেবছাইট www.parshuram-kund.in লগ ইন কৰি কুণ্ডৰ সমগ্ৰ তথ্য লাভ কৰিবলৈ সক্ষম হ’ব ৷
Comments